Skip to main content

বন্দে গুৰু পৰম্পৰা

বন্দে গুৰু পৰম্পৰা

গুৰু পূৰ্ণিমা মানে জ্ঞান পৰম্পৰাৰ বাহক হোৱাৰ দিন

ইয়াম বিৱস্বতে যোগ প্ৰক্তৱনহম্ভায়ম

বিৱস্বণ মনভে প্ৰাহ মনুৰিক্ষৱকভে ব্ৰেৱীত।।(-)

(এটি অক্ষয় যোগৰ বিষয়ে মই সূৰ্য দেৱতাক বৰ্ণনা কৰিছোবিৱস্বণে তেতিয়া মনুক সম্বোধন কৰিলে, আৰু মনুৱে ইক্ষৱাকুক সম্বোধন কৰিলে)

        ভাগৱত গীতাত  অৰ্জুনক উপদেশ দিওঁতে ভগৱান শ্ৰীকৃষ্ণই জ্ঞানৰ পৰম্পৰাৰ উদাহৰণ দাঙি ধৰিছেতেওঁ কয়,”মই এই অবিনাশী যোগ সূৰ্যক (বিবাস্বণ)প্ৰদান কৰিলোঁ,যিয়ে ইয়াক মনুলৈ আগবঢ়াই দিলে

        ভাৰতীয় পৰম্পৰাত যেতিয়াই নতুন জ্ঞান বা দৰ্শন উপস্থাপন কৰা হয়,তেতিয়াই গুৰুৰ পৰম্পৰাৰ উত্তৰাধিকাৰিকো স্বীকৃতি দিয়া হয়, কাৰণ জ্ঞানৰ বংশ সংৰক্ষণ পাৰ হৈ লেহে জ্ঞান বিস্তাৰিত হৈ উঠে

        জ্ঞান প্ৰবোধিনীয়ে চাৰিজন মহান ব্যক্তিত্ব সমৰ্থ ৰামদাস,স্বামী বিবেকানন্দ আৰু যোগী অৰবিন্দক নিজৰ দূৰদৰ্শী হিচাপে গ্ৰহণ কৰিছে আৰু জ্ঞান প্ৰবোধিনীৰ আদৰ্শ আৰু দিশ গঢ় দিয়া পথচালক হিচাপে গ্ৰহণ কৰিছেএখেতসকলৰ ভিতৰত এজন ব্যক্তি হৈছে সমৰ্থ ৰামদাসযিগৰাকী এজন মহান সন্ত,সমাজ সংস্কাৰক আৰু ৰাষ্ট্ৰৰ ৰ্নিমাতা আছিলযি গৰাকীয়ে সত্যপতি শিৱাজীক আধ্যাত্মিক পথ প্ৰদৰ্শন কৰিছিল আৰু ধৰ্ম,বীৰতা,আৰু সেৱাৰ আদৰ্শ স্থাপিত কৰিছিলসমৰ্থ ৰামদাসজীয়ে জনসচেতনতা,জাগ্ৰতী সংগঠন আৰু আত্মবিশ্বাসৰ জৰিয়তে জাতিটোক শক্তিশালী কৰাৰ বাবে কাম কৰিছিলকবি বামণ পণ্ডিতে তেওঁৰ মহানতাক তলত দিয়া পদটোৰে প্ৰশংসা কৰিছে

শুকাসাৰখে পূৰ্ণ বৈৰাগ্য জ্যাচে

বশিষ্ঠাপৰী জ্ঞান যোগেশ্বৰাচে।।

কবি বাল্মিকীচাৰখা মান্য এসা

নমস্কাৰ মাঝা সদগুৰু ৰামদাসা

জয়জয় ৰঘুবীৰ সমৰ্থ।।

এই মাৰাঠী কবিতাটিৰ অৰ্থপূৰ্ণ অসমীয়া অনুবাদ এনেধৰণৰ-

        শুকদেৱৰ দৰে সম্পূৰ্ণ বৈৰাগ্য গ্ৰহণ কৰা,যি ঋষি বশিষ্ঠৰ দৰে জ্ঞানী আৰু যোগী, যাৰ কাব্য প্ৰতিভা কবি বাল্মীকিৰ দৰেই সৰ্বমান্যএনে সদগুৰু ৰামদাসক মোৰ প্ৰণাম

জয় জয় ৰঘুবীৰ সমৰ্থ

        সমৰ্থ ৰামদাস স্বামীৰ বৰ্ণনাত এই তিনিজন মহান ব্যক্তি -শুক,বশিষ্ঠ আৰু বাল্মিকীৰ কিয় উল্লেখ কৰা হৈছে?এই ব্যক্তিসকল কোন আছিল?তেওঁলোকৰ বিশেষ গুণসমূহ ৰামদাস স্বামীত একত্ৰিত হৈছিলনে,যাৰ ফলত তেওঁ সদগুৰুউপাধি লাভ কৰিছিল?শ্লোক আবৃত্তি কৰি থাকোতে এনে বহু প্ৰশ্নই স্বাভাৱিকতে মনত উদয় হয়

গতিকে এই মহাপুৰুষসকল কোন আছিল-শুক,বশিষ্ঠ আৰু বাল্মিকী?

বেদব্যৰ পুত্ৰ শুক মুনিক কিয় সন্ন্যাসীবুলি কোৱা হয়?

        শুক মুনিয়ে আশ্ৰমৰ শিক্ষা সমাপ্ত কৰাৰ পিছত বেদাব্যেই তেওঁক চূড়ান্ত পৰীক্ষাৰ বাবে ৰজা জনকৰ ওচৰলৈ যাবলৈ লেশুক মুনিয়ে জনকৰ ৰাজপ্ৰসাদত উপস্থিত হৈ দুৱৰীক অনুৰোধ কৰিলে যে ৰজা জনক তেওঁৰ আগমনৰ কথা অৱগত কৰকপ্ৰহৰীজনক খবৰ দিলে,জনকে উত্তৰ পঠাইছে যে-“মই বাৰ্তা নপঠোৱালৈকে তাতেই ৰৈ থাকিবলৈ কোৱা

        ৰজাৰ আদেশ অনুসৰি প্ৰহৰীয়ে শুকক মাতি অনালৈকে আপেক্ষা কৰিবলৈ কলেশুক দুৱাৰত  থিয় হৈ থাকিলকিমান দিনলৈ?মুহুৰ্তবোৰ পাৰ হৈ ,প্ৰহৰ পাৰ হৈ ,এদিন পাৰ হৈ ,তাৰ পিছত আন এটা দিন আহিল আৰু - তিনিদিন তিনিৰাতি এইদৰেই পাৰ হৈ শুকমুনি নিশ্চল হৈ থিয় হৈ থাকিল কোনো অভিযোগ,কোনো খং,কোনো অধৈৰ্যতা তেওঁৰ অন্তৰত নাছিল,তেওঁ সম্পূৰ্ণ শান্তি আৰু ধৈৰ্যৰে ৰজাৰ বাৰ্তালৈ অপেক্ষা কৰিছিলচতুৰ্থ দিনা ধুমধামেৰে ৰজা জনক নিজেই দুৱাৰমুখলৈ আহি মন্ত্ৰী আৰু অন্যান্য দৰবাৰৰ বিষয়াসকলৰ সৈতে শুকক আদৰিবলৈ আহিলজনকে শুকক সোণৰ দোলা এখনত বহিবলৈ দি ৰাজপ্ৰসাদৰ এটি ভৱিষ্যৎ কোঠাত ৰাজসন্মানেৰে থাকিবলৈ বাধ্য কৰালেসেই কোঠাটোত আছিল সকলো আৰাম,বিবিধ প্ৰকাৰৰ ব্যঞ্জন,বিচনা,নৃত্য,সংগীত আৰু দাস উপস্থিতিৰে পৰিপূৰ্ণ হৈ আছিলকিন্তু এই সুখবোৰৰ কোনো প্ৰভাৱ শুকৰ মনত নাছিলৰজা জনকে অনবৰতে শুকৰ আচৰণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিলপিছদিনা জনকে দৰবাৰত অতুলনীয় সৌন্দৰ্য্যৰ নৃত্যশিল্পীৰ অনুষ্ঠানৰ আয়োজন কৰেনৃত্যৰ মাজতে তেওঁ শুকক গাখীৰেৰে ভৰা পাত্ৰ এটা দি লে,”এই পাত্ৰৰ পৰা এটোপালো নপৰাকৈ সাতবাৰ ৰাজপ্ৰসাদৰ চাৰিওফালে পৰিক্ৰমা কৰামুনি শুকে পাত্ৰটো লৈ তাৰ ধাৰৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি পৰম যত্ন আৰু একাগ্ৰতাৰে এটোপালো নেপেলোৱাকৈ সাতপাকৰ আটাইকেইটা পাক সম্পূৰ্ণ পৰিক্ৰমা কৰি পাত্ৰটো জনকক ঘূৰাই দিলেৰজা জনকে অত্যন্ত সন্তুষ্ট হৈ লে,-“মহামুনি,মই তোমাক বহু দিশত পৰীক্ষা কৰিছোতোমাৰ পিতৃয়ে বিচাৰিছিল তুমি মোৰ পৰা কিবা এটা শিকিবা ,কিন্তু এতিয়া মোৰ বাবে স্পষ্ট হৈ পৰিছে যে তোমাক শিকাবলৈ মোৰ একো নাই-বৰঞ্চ মই নিজেই বুজি পাইছো যে,তোমাৰ পৰা মই নিজেও বহুত শিকিবলগীয়া আছে

        শুকমুনিৰ দৰে নিজৰ উদ্দেশ্য অটল থকা নাৰায়ন অৰ্থাৎ সমৰ্থ ৰামদাসে বাৰ বছৰ বয়সতে নাচিকলৈ আহি বাৰ বছৰ ধৰি স্ব-অধ্যয়নৰ জৰিয়তে জ্ঞান আহৰণ কৰি দেশ ভ্ৰমণ কৰিছিলসমাজখন বুজি পাইছিল আৰু গোটেই জীৱন ধৰ্ম প্ৰতিষ্ঠানৰ প্ৰতি নিষ্ঠাৱান হৈ আছিলশুক মুনিৰ দৰে লক্ষ্যৰ পৰা বিচ্যুত নোহোৱা সমৰ্থ ৰাম দাসৰ ত্যাগ জীৱনৰ পথত আগবাঢ়ি বিদ্বান লোকৰ সমাৱেশৰ নেতৃত্ব দিয়া বশিষ্ঠ ঋষিয়ে দৰবাৰত ন্যায় প্ৰদান কৰিছিল,আৰু উগ্ৰ যোদ্ধা শ্ৰীৰামৰ গুৰু আছিলবশিষ্ঠ ঋষিৰ দৰে জ্ঞানী আৰু জ্ঞান দান কৰা সমৰ্থ ৰামদাস প্ৰথম মহাকাব্য ৰামায়ণ ৰচনা কৰা বাল্মিকীৰ দৰে দাসবোধ,মনবোধশ্লোক(মনোবোধ শ্লোক মহাৰাষ্ট্ৰৰ সাধাৰণ মানুহে ১৭ শতিকাৰ পৰা আবৃত্তি কৰা শ্লোক,ইয়াত ২০৫ টা শ্লোক চাৰিটাকৈ শাৰীত আছে)কৰুণাষ্টক,আৰতি আদি বিভিন্ন ধৰণৰ কবিতা ৰচনা কৰা সমৰ্থ ৰামদাসসেইবাবেই কবি বামন পণ্ডিতে এই তিনিজন মহান ব্যক্তিৰ উলেখ কৰি সমৰ্থ ৰামদাস স্বামীজীৰ গুণৰ প্ৰশংসা  কৰিছেসমৰ্থ ৰামদাসৰ চৰিত্ৰটোলৈ চালে স্পষ্ট হৈ পৰে যে সৰুৰে পৰা তেওঁৰ মনত দুবিধ প্ৰশ্নই উত্থাপন কৰি থাকিছিল,যিয়ে তেওঁক সদায় অশান্তি দিছিলপ্ৰথম প্ৰশ্ন আছিল তেওঁৰ চৌপাশৰ জগতখনৰ বিষয়ে ,পৃথিৱীৰ সৃষ্টিকৰ্তাৰ বিষয়ে,নাচিক অঞ্চলত অধ্যয়নৰ অন্তত দাসবোধ,মনোবোধ শ্লোক,কৰুণাষ্টক আদি ৰচনাৰ যোগেদি পৃথিৱীৰ বিষয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ বিচাৰি জ্ঞানযোগত গোটেই জীৱন কটায়দ্বিতীয় প্ৰশ্ন আছিল শিপূৰ্দে নামৰ চুলতানৰ চাৰিজন সৈনিকে যেতিয়া নিজৰ গাঁৱলৈ আহি ইচ্ছাকৃতভাৱে লুটপাত কৰে, তেতিয়া গাঁৱৰ মানুহে তেওঁলোকৰ বিৰোধিতা কিয় নকৰে? ভাৰত ভ্ৰমণৰ সময়ৰ সমাজৰ দাসত্ব আৰু স্বাধীনতাৰ আকাংক্ষাৰ সৈতে জড়িত এই প্ৰশ্নবোৰ আৰু অধিক তীব্ৰতৰ হৈ পৰিছিলএই প্ৰশ্নবোৰৰ সমাধানৰ বাবে সমাজখনক শক্তিশালী আৰু সচেতন কৰিবলৈ সমৰ্থ ৰামদাসে জ্ঞানযোগৰ লগত কৰ্মযোগে চলাইছিল তেওঁ ৰামদাসী সংগঠনৰ নেটৱৰ্ক দেশজুৰি বিয়পাই সমাজখনক সংগঠিত কৰি স্বাৰাজ্য গঢ়াৰ কামৰ বাবে অনুপ্ৰাণিত কৰে

        জ্ঞানযোগ আৰু কৰ্মযোগ দুয়োটাৰে সমন্বয় সাধন কৰা সমৰ্থ ৰামদাস,শুক,বশিষ্ঠ আৰু বাল্মিকীৰ দৰে জ্ঞান পৰম্পৰাৰ বলিষ্ঠ প্ৰতিনিধি সেয়েহে গুৰু পূৰ্ণিমাৰ দিনা তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়

        পূৰ্ণিমাক ব্যাস পূৰ্ণিমাবুলিও জনা যায় আচলতে মহৰ্ষি ব্যাস কোন আছিল?

        ব্যাসম বশিষ্ঠানপ্তৰাম শাকতহে পৌত্ৰমকলমাশম

        পৰশৰত্মাজন বন্দে শুকতম তপনিধিম।।

    অৰ্থাৎ পৰাশৰ ঋষিৰ পুত্ৰ শক্তি ঋষিৰ নাতি আৰু শুকদেৱ ঋষিৰ পিতৃ বশিষ্ঠ ঋষিৰ প্ৰপৌত্ৰ তপনিধি মহৰ্ষি ব্যাপক প্ৰণাম জনাইছো

    মহাভাৰত আৰু শ্ৰীমদ্ভাগৱতৰ দৰে মহান গ্ৰন্থৰ ৰচক আছিল মহৰ্ষি ব্যাসতেওঁ সকলো বেদৰ জ্ঞানী আছিলতেওঁ বেদ অধ্যয়নৰ পদ্ধতি প্ৰতিষ্ঠা কৰিছিল আৰু সেই পৰম্পৰাক আগুৱাই লৈ গৈছিলসেয়েহে তেওঁক জ্ঞানৰ অখণ্ড পৰম্পৰাৰ আগশাৰীৰ প্ৰতিনিধি হিচাপে গণ্য কৰা হয় এই ব্যাস পৰম্পৰাৰ ছাঁ আমাৰ ভাষাতো দেখা যায়বক্তাই যি ঠাইৰ পৰা নিজৰ মতামত দাঙি ধৰে,সেই স্থানকব্যাসপীঠ অৰ্থাৎ বেদী বুলি কোৱা হয়অৰ্থাৎ বক্তাই এই জ্ঞানৰ মহান পৰম্পৰাক প্ৰতিনিধিত্ব কৰিব বুলি আশা কৰা হয়ইয়াৰ অৰ্থ বক্তাজন কেৱল বক্তা হোৱাই নহয়,জ্ঞানৰ সেই মহান পৰম্পৰাৰ প্ৰকৃত প্ৰতিনিধিও লাগে এয়াই সমাজৰ আশা

        পাৰমাণৱিক বিজ্ঞানৰ ক্ষেত্ৰত

        পৰমাণু গঠন উন্মোচন কৰাত জে,জে থমছন,আৰ্নেষ্ট ৰাডাৰফৰ্ড আৰু জেমছ চেডউইকে মূল ভূমিকা পালন কৰিছিলতিনিওজনেই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেণ্ডিজ লেবটৰীৰ সৈতে জড়িত আছিল ১৯৫৫ চনত পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ এক ঐতিহাসিক কেন্দ্ৰ তেওঁলোকৰ বৈপ্লৱিক কাম ইলেকট্ৰন আৱিষ্কাৰ,পৰমাণুৰ পাৰমাণৱিক আৰ্হি আৰু নিউট্ৰনৰ আৱিষ্কাৰ হৈছিল আধুনিক পাৰমাণৱিক তত্ত্বৰ ভেটি গঠন কৰে এই বিজ্ঞানীসকল কৌতূহল আৰু আৱিষ্কাৰৰ এক অখণ্ড জ্ঞান পৰম্পৰাৰ অসাধাৰণ উদাহৰণ,প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি শিক্ষকৰ পৰা ছাত্ৰলৈ সংক্ৰমিত হৈ থাকেপ্ৰাইমেটলজীৰ ক্ষেত্ৰত,পুনৰানৃতত্ত্ববিদ লুই লিকিয়ে তেওঁৰ ছাত্ৰ-ছাএীসকলক পথ প্ৰদৰ্শন কৰিছিল-জেন গুডল(যিজনে চিম্পাজীৰ বিষয়ে অধ্যয়ন কৰিছিল),ডায়েন ফছি(গৰিলা),আৰু বিৰুটে                 গালডিকাছ(অৰংগুটান)প্ৰাইমেটৰ অধ্যয়নত তেওঁ পৰ্যবেক্ষণমূলক ক্ষেত্ৰ গৱেষণাৰ এক শক্তিশালী পৰম্পৰা প্ৰতিষ্ঠা কৰিছিলসাধাৰণতে লিকি স্কুলনামেৰে জনাজাত তেওঁৰ এই কাম,প্ৰাইমেটৰ আচৰণ আৰু মানুহৰ বিৱৰ্তনৰ বিষয়ে আমাৰ বুজাবুজি বহল কৰিছে লিকি স্কুল অৱ প্ৰাইমেটলজী,পৰ্যবেক্ষণ ধৈৰ্য্য আৰু সহানুভূতিৰ ওপৰত ভিত্তি কৰি প্ৰজ্ঞা পৰম্পৰাক মূৰ্ত কৰি তুলিছে

 

গুৰু পূৰ্ণিমা জ্ঞান পৰম্পৰাৰ প্ৰতীক

        পৰমাণু বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতীয় দূৰদৰ্শী বিক্ৰম সাৰাভাই,সতীশ ধাৱন,বসন্ত গোৱাৰীকৰ আৰু ,পি,জে আব্দুল কালামে ইছৰো(ভাৰতীয় মহাকাশ গৱেষণা সংস্থা) কল্পনা,বৈজ্ঞানিক কৌতূহল,বৈজ্ঞানিক আৱিষ্কাৰ আৰু বৈজ্ঞানিক উৎকৰ্ষতাৰ এক শক্তিশালী জ্ঞান পৰম্পৰা প্ৰতিষ্ঠা আৰু লালন-পালন কৰিছিলএই প্ৰতিষ্ঠানটো ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু মহাকাশ অম্বেষণৰ আকাংক্ষাৰ প্ৰতীক হৈয়েই আছেতেওঁলোকৰ নেতৃত্ব আৰু পথ প্ৰদৰ্শনত তেওঁলোকে এক সজীৱ জ্ঞান পৰম্পৰাৰ সৃষ্টি কৰিলে যিয়ে ভাৰতীয় বিজ্ঞানী আৰু আৰু অভিযন্তাসকলক আগন্তুক প্ৰজন্মলৈকে অনুপ্ৰাণিত কৰি থাকিবগুৰু পূৰ্ণিমা কেৱল আমাৰ গুৰুসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ দিন নহয় বৰঞ্চ তেওঁলোকৰ প্ৰতি আৰু তেওঁলোকে পৰম নিষ্ঠাৰে লালন-পালন কৰা আৰু আগবঢ়াই নিয়া জ্ঞান পৰম্পৰাক আমাৰ আন্তৰিক কৃতজ্ঞতা জনোৱাৰ এক অনুষ্ঠানএই শুভ দিনটোত আহক আমি এই মহান জ্ঞান পৰম্পৰাৰ পোহৰৰ বাহক হওঁ,ইয়াৰ সংৰক্ষণ কৰিম,আগবঢ়াই দিম,আৰু এই চিৰন্তন,চিৰপ্ৰৱাহিত জ্ঞান গংগাক জীয়াই ৰাখিবলৈ প্ৰতিশ্ৰুতি দিওঁ

প্ৰশান্ত দিবেকাৰ

জ্ঞান প্ৰবোধিনী,পুনে

Translated by Smt. Rinku Moni Kalita Mandal 

Asstt. Teacher, VKV Tinsukia 



Comments

Popular posts from this blog

वंदे गुरु परंपरा

वंदे गुरु परंपरा गुरुपौर्णिमा   अर्थात   ज्ञानाच्या   परंपरांचे   पाईक   होण्याचा   दिवस इमं विवस्वते योगं प्रोत्कवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत । । (४-१) भगवद् गीतेत देखील श्रीकृष्ण अर्जुनाला उपदेश करताना ज्ञानाच्या परंपरेचा दाखला दिला आहे. ते म्हणतात ‘ मी हा अव्यय ( अविनाशी ) योग सूर्याला सांगितला. सूर्याने मनुला सांगितला व मनूने  इक्ष्वाकू   सांगितला.  भारतीय परंपरेत नवीन ज्ञानतत्वाज्ञाच्या शाखांची मांडणी करताना देखील असा गुरु परंपरेचा वारसा सांगितला जातो. कारण ज्ञानाच्या परंपरेच्या संक्रमणातूनच ज्ञान वृद्धिगत होत जाते.                ज्ञान   प्रबोधिनीने   पथकाधिपती   म्हणून   समर्थ   रामदास ,  स्वामी   दयानंद ,  स्वामी   विवेकानंद   आणि   योगी   अरविंद या चार व्यक्तींचा स्वीकार केला आहे.   त्यापैकी एक म्हणजे समर्थ रामदास! कवि   वामन   पंडितांनी   समर्थांची ...

Vande Guru Parampara

  Vande Guru Parampara Guru Purnima – Honouring Our Gurus, Upholding the Tradition इमं विवस्वते योगं प्रोत्कवानहमव्ययम् । विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत । । (४-१) In the Bhagavad Gita, while advising Arjuna, Lord Krishna gives an example of the tradition of knowledge. He says, “I imparted this indestructible Yoga to the Sun (Vivasvan), who passed it on to Manu, and Manu, in turn, passed it on to Ikshvaku.” In the Indian tradition, whenever new knowledge or philosophy is presented, the legacy of the Guru's tradition is also acknowledged—because knowledge flourishes only when its lineage is preserved and passed on. Jnana Prabodhini has accepted four great personalities—Samarth Ramdas, Swami Dayananda, Swami Vivekananda, and Yogi Arvind—as its visionaries, and pathfinders who have shaped Jnana Prabodhini ideals and direction. Today, let us learn about Samarth Ramdas. The poet Vaman Pandit praises him with the following verse. शुकासारखे पूर्ण वैराग्य ज्याचे...

महाराष्ट्रधर्म

                                                                                       महाराष्ट्रधर्म १९९९ साली महिनाभराच्या ईशान्य भारत दौऱ्यात गुवाहाटी येथे केशवधाम कार्यालयात पूर्वांचलातील कामांचा परिचय करून घेण्यासाठी गेलो होतो. ज्यांना भेटायचे होते त्यांची वाट पाहत कार्यालयात बसलो होतो. एक आजोबा कार्यालयात डोकावले. बाहेरचे पाहुणे आहेत हे लक्षात आल्यावर त्यांनी , “ कुठून आलात ? किती दिवस प्रवास आहे ? काय काय पाहिले ?” अशी चौकशी केली. महाराष्ट्रातून आलो आहोत हे कळल्यावर त्यांनी आम्हाला विचारले , “ तुम्ही रायगडावर जाऊन आला आहात का ?” आम्ही “हो , रायगड पाहिला आहे ,” असे सांगितल्यावर त्या आजोबांनी एकदम आम्हाला साष्टांग नमस्कार केला. आम्ही गोंधळलो. “काय झाले ?” म्हणून त्यांना   विचारले. मग आमच्या शेजारी बसत फालूदा   म्...